২ জুলাইৰ ছহিদ মদন- মাধৱৰ স্মৃতিত ঃ
২ জুলাই । ১৯৮০ চনৰ আজিৰ দিনটোতে বিদেশী বহিষ্কাৰ আন্দোলনৰ সময়ত কমৰেড মদন ডেকা আৰু কমৰেড মাধৱ বৰ্মনক আন্দোলনৰ একাংশ উগ্ৰ সমৰ্থকে নিৰ্মমভাৱে হত্যা কৰিছিল । তেখেতসকলক সুৱৰি প্ৰতিবছৰে ২ জুলাই দিনটো “জাতীয় সংহতি দিৱস” হিচাপে পালন কৰি আহিছে । সেই হত্যাকাণ্ড যে কিমান নিৰ্মম আছিল সেয়া হয়তো আমি নতুন প্ৰজন্মই কল্পনা কৰাটো টান । আজিৰ এই এই সংহতি দিৱসত ছহিদ কমৰেড মদন ডেকা আৰু কমৰেড মাধৱ বৰ্মনক শ্ৰদ্ধাৰে সুৱৰিছোঁ ।
মদন ডেকা আৰু মাধৱ বৰ্মনৰ ঘৰ আছিল ক্ৰমে নলবাৰী জিলাৰ বলোৱা আৰু গোৱালপাৰা গাৱত । জৰুৰীকালীন অৱস্থাৰ পাছৰ সময় চোৱাত অসমত বাঢ়ি অহা কমিউনিষ্ট পাৰ্টিৰ অগ্ৰগতিৰ সময়ছোৱাত জাগাৰা অঞ্চলত প্ৰবল উৎসাহ উদ্দীপনাৰে কৃষক সংগঠন, ছাত্ৰ সংগঠনৰ কাম আৰম্ভ হৈছিল । এছ এফ আইৰ কৰ্মী মদন ডেকা আৰু কৃষক আন্দোলনৰ নেতা মদন মাধৱ বৰ্মনকে ধৰি বহুতো বাওঁপন্থী সংগঠনসমূহৰ কৰ্মীৰ নেতৃত্বত জাগাৰা ,বলোৱা ,গোৱালপাৰা আদি বহুতো গাৱত বাওঁপন্থী আন্দোলনৰ কাম কাজ গা কৰি উঠে আৰু কৃষক আন্দোলনৰ ঐতিহ্যবাহী জাগাৰা হৈ পৰিছিল বাওঁপন্থী ৰ দুৰ্গ। ১৯৭৮ চনত নৰেন দত্ত নলবাৰী সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত বিজয়ী হয়। অসম আন্দোলনৰ পূৰ্বৰে পৰা বাওঁপন্থীসকলে দাবী উত্থাপন কৰি আহিছিল ১৯৭১ চনৰ ২৪ মাৰ্চক বিদেশী চিনাক্তকৰণৰ সময়সীমা নিৰ্দ্ধাৰণ কৰি ধৰ্ম নিৰ্বিশেষে সকলো বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব লাগে, যিটো অসম আন্দোলনৰ শেষত হোৱা চুক্তিত গ্ৰহণ কৰা হ’ল যাক আমি ‘অসম চুক্তি’ বুলি কও । ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈকে চলা অসম আন্দোলনৰ আন্দোলনকাৰীয়ে ভিত্তিবৰ্ষ দাবী উত্থাপন কৰিছিল ১৯৫১ চন।অসম আন্দোলনৰ সময়ত এচাম লোকে আবেগৰ ঢৌত উটি নগৈ ইয়াৰ ভূল ক্ৰুতিবোৰ আঙুলিয়াই দিছিল । আন্দোলন যে ক্ৰমশঃ বিপথে পৰিচালিত হৈছে আৰু এচাম মানুহে যে আন্দোলনৰ অচিলা লৈ ব্যক্তিগত স্বাৰ্থপূৰনৰ চেষ্টা কৰিছে সেই কথা গভীৰভাৱে পৰ্যবেক্ষণ কৰি সমালোচনা কৰাসকলৰ ভিতৰত বাওঁপন্থী আৰু মানৱতাবাদী ভাৱধাৰাৰ লোকসকল অন্যতম আছিল। অসম আন্দোলনৰ সময়ত জাতীয়তাবাদী ভাবধাৰাই কিমান উগ্ৰ ৰূপ লৈছিল আৰু বিপথে পৰিচালিত হৈছিল নিৰূপমা বৰগোহাঞিয়ে তেখেতৰ আত্মজীৱনী বিশ্বাস আৰু সংশয়ৰ মাজেদি উপন্যাসখনত উল্লেখ কৰিছে আনকি উগ্ৰজাতীয়তাবাদী আন্দোলনকাৰীয়ে কমিউনিষ্টসকলক তীব্ৰ ঘৃনাৰ দৃষ্টিৰে চাইছিল । কমিউনিষ্টসকলক সেই সময়ত সামাজিকভাৱে বৰ্জনো কৰা হৈছিল । শাৰীৰিক আৰু মানসিকভাবে অপদস্থ কৰিবলৈকে কুন্ঠবোধ কৰা নাছিল । এই পৰিৱেশৰ মাজতো কমিউনিষ্টসকলে আবেগত ভাহি যোৱা নাছিল ,কাৰো ওচৰত আত্মসমৰ্পণ কৰিবলৈ বাধ্যহোৱা নাছিল । বৰঞ্চ বাওঁপন্থী সকলে আন্দোলনৰ যুক্তি যুক্ততা সম্পৰ্কে প্ৰশ্ন তুলিছিল। তেওঁলোকে অসমৰ জাতীয় অস্তিত্বৰ প্ৰকৃত শত্ৰুক চিনাক্ত নকৰি খাটি খোৱা মানুহৰ ওপৰত চলোৱা নিৰ্যাতন সমৰ্থন কৰা নাছিল। আন্দোলনৰ সময়ত বহুতো ঠাইত হিংসাত্মক ঘটনা সংঘটিত হৈছিল জাগাৰাৰ মদন-মাধৱৰ জঘন্য হত্যাকাণ্ড,১৯৮৩ চনৰ মৰিগাঁও জিলাৰ নেলীত সংখ্যালঘু মুছলমানৰ ওপৰত অমানুষিক ভাবে এক নৃশংস গণ হত্যাযজ্ঞ চলোৱা হৈছিল। যি হত্যাযজ্ঞৰ বলি হৈছিল ফুল কুমলীয়া শিশু আৰু গৰ্ভৱতী মহিলাকে আদি কৰি ৩৩০০ কৈ অধিক নিৰিহ লোক।
নিৰ্বিচাৰ ভাবে সকলোকেই হত্যাৰ লগতে হেজাৰ হেজাৰ ঘৰ বাৰী জ্বলাই দিলে, চাওলখোৱাৰ জুই আদি হিংসাত্মক ঘটনা নাম উল্লেখ কৰিব পাৰি। অসম আন্দোলনৰ অগণতান্ত্ৰিক দিশৰ কঠোৰ সমালোচনা কৰাৰ বাবে মদন-মাধৱ, দীন কলিতা সহ ৫০ জনতকৈ অধিক কমিউনিষ্টক হেৰুৱাব লগা হল । ১৯৮০ চনৰ ২ জুলাই জাগাৰাত সংঘটিত হৈছিল এক অমানৱীয় ঘটনা । আন্দোলনৰ অন্যতম নেতা মতিউৰ ৰহমান নামৰ আন্দোলনকাৰী এজনক কোনোবা দুস্কৃতিকাৰী চক্ৰই ইথাৰ দি বেহুত কৰাই প্ৰফুল্ল গোস্বামী নামৰ লোকএজনৰ ঘৰত পেলাই থৈ যায় আৰু এই কাণ্ড কমিউনিষ্টসকলে কৰা বুলি আন্দোলনৰ একাংশ উগ্ৰজাতীয়তাবাদীয়ে প্ৰচাৰ চলালে । লগে লগে জাগাৰা অঞ্চলৰ কমিউনিষ্টসকলৰ ঘৰ ঘেৰি ধৰিলে হাজাৰ হাজাৰ আন্দোলনকাৰীয়ে। চলিল কমিউনিষ্টসকলৰ ওপৰত নিৰ্মম অত্যাচাৰ ,লুন্ঠন আনকি হত্যা । আৰু এই ঘটনা ভয়ংকৰ ৰূপ ধাৰণ কৰিলে । ঘটনাৰ ভয়াবহতা আৰু নিৰ্দোষী কমিউনিষ্টসকলৰ ওপৰত চলা নিৰ্মম অত্যাচাৰ নিয়ন্ত্ৰণ কৰিবলৈ কমিউনিষ্ট কৰ্মী মদন ডেকা আৰু মাধৱ বৰ্মন আগবাঢ়িল মুকালমুৱা থানালৈ । আগৰ পৰা খাপ পাতি থকা আন্দোলনকাৰীয়ে মাজ ৰাস্তাৰ পৰাই মদন মাধৱক ৰচীৰে বান্ধি চোচোৰাই আনিলে জাগাৰাৰ ৰাজহুৱা স্থানলৈ ,চলিল নিৰ্মম অত্যাচাৰ । মঙহ কাটি নিমখ ঘহি দিলে, আঙুলি কাটি কুকুৰক খাবলৈ দিলে জঘন্যভাৱে অত্যাচাৰ চলালে পিছত অচেতন হৈ পৰাত বনমজা নামৰ গাঁও এখনৰ পথাৰত দুয়োকে শিৰচ্ছেদ কৰি হত্যা কৰিলে। জাতীয় সংহতি লগতে সংগ্ৰামী ঐক্যৰ ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱন বিপন্ন কৰি মদন মাধৱে বিদেশী বিতাড়ন আন্দোলনৰ গইনা লৈ গঢ়ি উঠা উগ্ৰ জাতীয়তাবাদী প্ৰতিক্ৰিয়ালী চক্ৰৰ হাতত জীৱনৰ পৰিসমাপ্তি ঘটালে । তেওঁলোকৰ আদৰ্শ আজিও ‘মৃত্যুঞ্জয়ী’।
গাজিউৰ ৰহমান চৌধুৰী
ছাত্ৰ ৰসায়ন বিজ্ঞান বিভাগ, বি .বি .কে মহাবিদ্যালয়, নগাঁও,বৰপেটা
যোগাযোগ :৮৪৭২৮৮৬৯৭৩